Monday, 17 February 2020

Protitu Pol Lyrics

0

Protitu Pol | Anurag Saikia | Trion Mahanta | Tiraap | New Assamese Video Song 2020 -  Lyrics


Protitu Pol (প্ৰতিটো পল) নামৰ সংগীতটো প্ৰকাশিত কৰা হৈছে ,১৬ ফ্ৰেব্ৰুৱাৰী ২০২০ ত। সংগীতটো কণ্ঠদান কৰিছে অনুৰাগ শইকীয়াই, গানটো লেখিছে কালুল কাশ্যপ মহন্তই , বাঁহী বাদান্তত আছে অঞ্জন মেধি আৰু গানটো মিশ্ৰিত কৰিছে পিংকু দাস। 


Protitu Pol song information


Audio credit

Song - Protitu Pol
Singer - Anurag Saikia
Music/Composition/Guitar - Trion Mahanta
Lyrics - Kallul Kashyap Mahanta
Flute - Anjan Medhi
Mix & Mastered by - Pinku Das

Video credit

Direction & Cinematography - Tiraap Simanta Medhi
Assistant Director/Editing/Color - Apuraj Gogoi
Cast - Deepjyoti Mahanta & Jyotishmita Baruah
Drone - Amlan
MUA - Rashmirekha
Costume - Kaku



Protitu Pol Lyrics
Protitu Pol song Lyrics



Protitu Pol(প্ৰতিটো পল) সংগীতটোৰ অসমীয়া ভাষাত প্ৰাপ্ত লেখনি


তুমি ঢালি দিলাহি বুকুতে মোক
অবুজ শিহৰণ
পাখি মেলি উৰি গুচি
আবিচাৰি হিয়াৰ সমীৰণ
হেঙুলী কি ৰঙে,
তোমাকে সুৱাৰালে,
ৰদালীয়ে মিছিকি হাঁহে এ এ,
সপোনে চোৱা কে,
মুৰেনো দুচকুতে,
তোমাৰে কোমল পৰশতে

প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী ।

প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।

জোনাকৰে দলিচাত, অনুৰাগী ভাবনাত
তোমাৰে মিঠা হাঁহি ফুলি উঠে
কলিজাৰে মাজতে, গুলাপৰে পাহি মেলে
তুমি ৰলেহি কাষত নীৰৱে
সুৰভি কথাৰে,মনতে তিকা জাগে
আবেগৰ জোৱাৰ উঠে তোমাতে
শুকুলা ডাৱৰে, তোমাৰ কথা আহি কলে
অভিমানি মোৰো আজি উৰা মাৰে

প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।

প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ
খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।


Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design