Tuesday, 5 May 2020

আকাশী গংগা বিচৰা নাই। Lyrics। Bhupen Hazarika

0

চন ১৯৬৩ ত ভূপেন হাজৰিকাই আকাশী গংগা বিচৰা নাই নামৰ গীতটিত কণ্ঠদান কৰিছিল। তেখেতৰ সকলো গানৰ ভিতৰত এই গানটো মনোমোহা।



আকাশী গংগা বিচৰা নাই। Lyrics। Bhupen Hazarika



আকাশী গংগা বিচৰা নাই Lyrics



আকাশী গংগা বিচৰা নাই
নাই বিচৰা স্বর্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ ।

মহা মহা সাগৰৰে
কতনা লহৰ লেখিলোঁ
মহা মহা নগৰীতে
কতনা বাট হেৰুৱালোঁ
মৰম জ্যোতিৰ পম খেদি খেদি
বোৱালোঁ গুপুতে অশ্রুধাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ ।

হয়তো নিতৌ হেজাৰজনৰ
হেজাৰ শৰাই পাওঁ
তথাপি কিয় বিশেষজনৰ
মৰম বিচাৰি যাওঁ ।
মহা মহা নাট ঘৰে ঘৰে
কণ্ঠ-শোণিত নিগৰালোঁ
মহা মহা শ্রোতা-জনতাৰে
মুখত হাঁহি বিৰিঙালোঁ
ক্ষণিক মৌন পৰত কোনেনো
পাতলাব মোৰ দুখৰে ভাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ ।


Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design